Sensational Incident : নৃশংস হত্যাকাণ্ড! ভিনিয়েকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল খুলশালিয়েকৰ

নিউজ ডেস্ক, ২০ফেব্ৰুৱাৰী : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ ডিমৰীয়াৰ হঁহৰাত নৃশংস হত্যাকাণ্ড। ভিনিয়েকে হত্যা কৰিলে । খুলশালিয়েক।ভিনিয়েকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল খুলশালিয়েকৰ।
খুলশালিয়েক ধৰ্মেন্দ্ৰ মেধিক ছুৰীৰে হানি-খুঁচি হত্যা ভিনিয়েকৰ। হত্যাৰ অভিযুক্ত ভিনিয়েক ডিম্বেশ্বৰ বণিয়াক আটক আৰক্ষীৰ ।
ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চোতালতেই সংঘটিত হয় এই ঘটনাৰ । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সোণাপুৰ আৰক্ষীয়ে।
লগতে পঢ়ক :Oil theft racket busted in Jorhat; 6 detained :যোৰহাট আৰক্ষীৰ জালত তেল চুৰিৰ চক্ৰৰ লগত জড়িত ৬জন