Local, Vocal, Global

Sensational incident : ইটাভাটাৰ মালিকৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ মহিলা শ্ৰমিকৰ

ওদালগুৰি,১৫অক্টোবৰ : ইটাভাটাৰ মালিকৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ মহিলা শ্ৰমিকৰ ।

ইটাভাটাৰ মালিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ।ইটাভাটাত কৰ্মৰত মহিলা শ্ৰমিকক ভয়-ভাবুকিৰে ধৰ্ষণ কৰাৰ অভিযোগ মহিলাৰ। ওদালগুৰি জিলাৰ ধনশ্ৰীঘাটৰ পূৱ কুৰুৱাবাহী ইটা ভাটাৰ মালিকৰ পুত্ৰ ধীৰেন্দ্ৰ সিঙৰ বিৰুদ্ধে এই অভিযোগ । সোমবাৰে নিশা ওৰাং আৰক্ষী থানাত ভুক্তভোগী মহিলা গৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে থানা চৌহদ উত্তপ্ত হৈ পৰে । নেমছুৰ শতাধিক কৰ্মকৰ্তা উপস্থিত হৈ লম্পটক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে । নিশাই থানাই উত্তাল হৈ পৰাত আৰক্ষীয়ে নিশাই অভিযুক্ত ধীৰেন্দ্ৰ সিঙক আটক কৰি তদন্ত আৰম্ভ কৰে ।

অভিযোগ অনুসৰি, ধনশ্ৰীঘাটৰ পূৱ কুৰুৱাবাহীস্থিত ইটাভাটাত কোকৰাঝাৰ জিলাৰ গোসাঁইগাৱৰ ১৫/২০ জনীয়া এটি শ্ৰমিকৰ দল কৰ্মৰত হৈ আছিল । ইয়াৰে এগৰাকী মহিলা শ্ৰমিকক ১৫ দিন মান পূৰ্বে শিশুক চিকিৎসা কৰোৱাৰ চলেৰে অজ্ঞাত স্থানত লৈ ধীৰেন্দ্ৰ সিঙে বলপূৰ্বক ভাৱে ধৰ্ষণ কৰে । আনকি মহিলাগৰাকীক ভয় ভাবুকি দি আপত্তিজনক কৰ্ম কৰাই স্ব-ইচ্ছাই অপকৰ্ম কৰা বুলি লম্পটজনৰ নিজৰ মোবাইলত ভিডিঅ’ ৰেকৰ্ডিং কৰে(Sensational incident)।

ইয়াৰ পিছতে লম্পটে এই কথা ৰাজহুৱা কৰিলে মহিলাজনীৰ স্বামী-সন্তানক মাৰি পেলোৱাৰ ভাবুকি দিয়া বুলি অভিযোগ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।ইয়াৰ পৰৱৰ্তী সময়তো আপত্তিজনক ভিডিঅ’ ৰাজহুৱা কৰাৰ ভাবুকিৰে লম্পট ধীৰেন্দ্ৰ সিঙে মহিলাজনীক বলপূৰ্বক ভাৱে কেবাবাৰো ধৰ্ষণৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে । উপায়ন্তৰ হৈ লম্পট ধীৰেন্দ্ৰ সিঙৰ অতিমাত্ৰা নিৰ্যাতন সহ্য কৰিব নোৱাৰি সোমবাৰে স্বামীক লগত লৈ ওৰাং আৰক্ষী থানাৰ কাষ চাপি এজাহাৰ দাখিল কৰে । আনকি ইটাভাটাত কৰ্মৰত আন শ্ৰমিক সকলকো বিভিন্ন ধৰনেৰে অত্যাচাৰ চলোৱাৰ অভিযোগো উঠিছে । আপত্তিজনক খাদ্য খাবলৈ হেঁচা প্ৰয়োগ কৰাৰ উপৰিও নিৰ্যাতিতা মহিলাৰ স্বামীক বলপূৰ্বক ভাৱে মদ্যপান কৰোৱাৰ অভিযোগ ধীৰেন্দ্ৰ সিঙৰ বিৰুদ্ধে ।

ইফালে এজাহাৰ দাখিলৰ পিছতে নেমছু,আমছুকে ধৰি কেইবাটাও সংখ্যালঘু সংগঠনৰ শতাধিক কৰ্ম কৰ্তা নিশাই থানা চৌহদত অৱস্থান লয় । ভুক্তভোগীৰ ন্যায়ৰ দাবী আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনৰ নেতৃত্বই । পিছত আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত ধীৰেন্দ্ৰ সিঙক আটক কৰি তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ ইটা-ভাটাখনত আবদ্ধ হৈ থকা আন শ্ৰমিক সকলকো আৰক্ষীয়ে উদ্ধাৰ কৰি নিশাই থানালৈ লৈ আহে।

লগতে পঢ়ক :Goalpara News: গোৱালপাৰাত দেৱী দুৰ্গাকলৈ অশ্লীল ভিডিও বনাই গ্ৰেপ্তাৰ যুৱক