Sensational incident : মহানগৰীৰ ল’জত যুৱতীক নিচাসক্ত দ্ৰৱ্য খোৱাই অপকৰ্ম

নিউজ ডেস্ক,৯অক্টোবৰ : পুনৰ গুৱাহাটী মহানগৰীত ল’জত ভয়ংকৰ কাণ্ড। মহানগৰীত ল’জত যুৱতীক নিচাসক্ত দ্ৰৱ্য খোৱাই অপকৰ্ম। প্ৰাঞ্জল ৰাজবংশী নামৰ যুৱকৰ বিৰদ্ধে উঠিছে ভয়ংকৰ অভিযোগ( Sensational incident)।
ভুক্তভোগী যুৱতীগৰাকীয়ে দিয়া অভিযোগ অনুসৰি ফুৰিব যোৱাৰ চলেৰে যুৱতীগৰাকীক ল’জলৈ মাতি নিছিল প্ৰাঞ্জল ৰাজবংশীয়ে। কিন্তু অভিযুক্ত প্ৰাঞ্জল ৰাজবংশীয়ে যুৱতীগৰাকীক প্ৰথমে ল’জলৈ লৈ যায় আৰু ল’জৰ বন্ধ কোঠাত নিচাযুক্ত দ্ৰব্য খুৱাইছিল ভুক্তভোগী যুৱকীগৰাকীক। পিছত নিচাসক্ত অৱস্থাতে যুৱতীগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে।
কেৱল এয়াই নহয়, যুৱতীগৰাকীয়ে দিয়া অভিযোগ অনুসৰি ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰাঞ্জলৰ সৈতে চিনাকি হৈছিল যুৱতীগৰাকী। লাহে-লাহে যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল প্ৰাঞ্জলৰ। কিন্তু প্ৰেমৰ সম্পৰ্ক লৈ মাজতে ফুৰিব যাবলৈ মাতিছিল যুৱতীগৰাকীক। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী যুৱতীগৰাকীয়ে।
লগতে পঢ়ক : Cattle Smuggling in Lahowal : লাহোৱালত জব্দ ১২ টা চোৰাং গৰুসহ এখন পিক আপ ভান