Local, Vocal, Global

Sensational incident : গুৱাহাটীৰ বামুণীমৈদামৰ বি জি য়াৰ্ডত উদ্ধাৰ মানুহৰ কটা ভৰি

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : মহানগৰীত উদ্ধাৰ মানুহৰ কটা ভৰি ।

গুৱাহাটীৰ বামুণীমৈদামৰ বি জি য়াৰ্ডত উদ্ধাৰ হয় মানুহৰ এখন কটা ভৰি ।

জানিব পৰা মতে, যাত্ৰীবাহী ৰে’লৰ চকাত লাগি থকা অৱস্থাত উদ্ধাৰ কটা ভৰিখন। উজনিমুৱা দাদৰা এক্সপ্ৰেছৰ চকাৰ ওপৰৰ অংশত লাগি আছিল ভৰিখন(Sensational incident)।

গুৱাহাটী ৰে’ল ষ্টেচনত যাত্ৰী নমাই বি জি য়াৰ্ডত পাৰ্কিং কৰিবলৈ আহিছিল ৰে’লখন। ৰে’লখন চাফ-চিকুণ কৰি থকা অৱস্থাতে প্ৰত্যক্ষ চাফাই কৰ্মীৰ। সম্প্ৰতি ভৰিখন উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক : Khel Maharan 2.0 to begin on November 13 : ৰাজ্যত অনুষ্ঠিত হ’ব খেল মহাৰণ ২.০;১৩নৱেম্বৰত শুভাৰম্ভণি হ’ব খেল মহাৰণ ২.০ ৰ