Local, Vocal, Global

Sensational incident : ম’বাইলত ৰিচাৰ্ছ নথকাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ

চতিয়া,২৯ছেপ্তেম্বৰ : চতিয়াত অঘটন । ম’বাইলত ৰিচাৰ্ছ নথকাৰ বাবেই চৰম সিদ্ধান্ত ল’লে সপ্তম শ্ৰেণীৰ ছাত্ৰই(Sensational incident)।

চতিয়াৰ কৰৈয়নীত শনিবাৰে সংঘটিত হৈছে ভয়ংকৰ ঘটনা । সপ্তম মান শ্ৰেণীত অধ্যয়নৰ ছাত্ৰই ম’বাইলত ৰিচাৰ্ছ নথকাৰ বাবেই বাবেই চৰম সিদ্ধান্ত বাছি লয় ।

জানিব পৰা মতে, চতিয়াৰ কৰৈয়নীৰ চেৰ বাহাদুৰ দৰ্জী আৰু জুনু দৰ্জী দিন হাজিৰা কৰি পোহপাল দি আছিল পৰিয়ালটোক । তেওঁলোকৰ একমাত্ৰ পুত্ৰ বিশাল দৰ্জীৰ ম’বাইল ফোনত ফি-ফাইয়াৰ গেমত অভ্যাস আছিল৷ কিন্তু বিগত তিনিদিন ধৰি ম’বাইলত ৰিচাৰ্ছ নাছিল । পুত্ৰ বিশালে ম’বাইলত ৰিচাৰ্ছ ভৰাবলৈ পিতৃ মাতৃক বাৰে বাৰে কয় আছিল যদিও দিন হাজিৰা কৰা পিতৃ মাতৃয়ে পৰীক্ষাৰ পাছত ৰিচাৰ্ছ ভৰাই দিম বুলি পুত্ৰক কৈছিল ।কিন্তু সেই কথা নুশুনি পুত্ৰ বিশাল দৰ্জীয়ে পিতৃ মাতৃ দিন হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়ত নিজ গৃহতে চিপলৈ চৰম সিদ্ধান্ত লয়।

লগতে পঢ়ক : Guwahati schools resume normal schedule from October 1st : গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা