Sensational incident : শোকাৱহ দুৰ্ঘটনা; স্কুটীসহ নলাত পৰি মৃত্যু ছাত্ৰীৰ
নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : নলবাৰীৰ টিহুত শোকাৱহ পথ দুৰ্ঘটনা৷ স্কুটীসহ নলাত পৰি ছাত্ৰীৰ মৃত্যু৷ নিহত ছাত্ৰীগৰাকী ভাস্বতী কলিতা৷
জানিব পৰা মতে,মঙলবাৰে টিউচনৰ পৰা ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ AS-14-N1102 নম্বৰৰ স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰী গৰাকী নলাত সোমাই পৰে । ফলত নলাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ । নগৰখনৰ তিনি নং ৱাৰ্ড’ত সংঘটিত হয় এই দুৰ্ঘটনাটো(Sensational incident)।
নিহত ভাস্বতী কলিতা টিহুৰ শংকৰদেৱৰ শিশু নিকেতনৰ নৱম মান শ্ৰেণীত অধ্যয়নৰত। টিহুৰ ৰণাকুছি হেলচাপাৰা’ৰ বাপন কলিতাৰ কন্যা ভাস্বতী ।
এই শোকাৱহ ঘটনাটে সংঘটিত হোৱাৰ পিছতে ছাত্ৰীগৰাকীক নলাৰ পৰা উদ্ধাৰ কৰি নলবাৰীলৈ চিকিৎসালয়লৈ নিয়া হয় যদিও নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁৰ কৰুণ মৃত্যু ঘটে।
লগতে পঢ়ক :Eviction drive in Sonapur : পুনৰ সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান,২৫০ টা গৃহত চলিল বুলডজাৰ