Sensational incident : দশম শ্ৰেণীৰ ছাত্ৰ প্ৰহাৰত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : দৰঙৰ মহোলীয়াপৰা পদুম পুখুৰী হাইস্কুলত ভয়ংকৰ ঘটনা।
দশম শ্ৰেণীৰ ছাত্ৰ প্ৰহাৰত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ ।
জানিব পৰা মতে, সোমবাৰে শ্ৰেণীকোঠাত পাঁচ ছাত্ৰৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। চাৰি ছাত্র লগ হৈ ভবেশ ডেকা নামৰ এজন ছাত্ৰক আক্ৰমণ কৰে।
আক্ৰমণত নৱম শ্ৰেণীৰ ছাত্ৰ ভবেশ ডেকা মৃত্যু হয়। মৃত ভৱেশ ডেকাৰ ঘৰ দৰঙৰ সেনাপতিপাৰাত(Sensational incident)।
আক্ৰমণ কৰা এই ছাত্র কেইজন দশম মান শ্ৰেণীৰ বুলি জানিব পৰা গৈছে।উল্লেখ্য যে যোৱা দেওবাৰৰ পৰা এই কাজিয়া সূত্ৰপাত হৈছিল।
বৰ্তমান ভবেশ ডেকা মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।
লগতে পঢ়ক :Tragic Road Accident :তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দা বিদ্যুৎ পৰিবাহী তাৰৰ খুটাত;নিহত এজন,আহত এজন