Sensational Incident : দাৰে ঘপিয়াই হত্যা মাছ বেপাৰীক

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
মায়ঙৰ বহা সাতকাবৰীত হত্যাকাণ্ডৰ ঘটনা। দাৰে ঘপিয়াই হত্যা ইক্ৰামুল নামৰ এজন লোকক। দা ৰ ঘাপত থিতাতে নিহত হয় ইক্ৰামুল হক (৩৫) নামৰ এজন লোকজন।
পেচাত ইক্ৰামুল এজন মাছ বেপাৰী।
জানিব পৰা মতে, পুৱাই ঘৰৰ পৰা মাছ ক্ৰয় কৰিবলৈ ওলাই গৈছিল ইক্ৰামুল সেই সময়তে নৃশংস হত্যাকাণ্ডৰ বলি হয় লোকজন।গাঁৱৰ লোকে এই হত্য়াকাণ্ড কৰাৰ সন্দেহ স্থানীয় লোকৰ । ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :Dead body recovered : জংঘলত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ