Local, Vocal, Global

Sensational Incident : পুনৰ ধিঙত সংঘটিত হৈছে নাবালিকা ধৰ্ষণ কাণ্ডৰ ঘটনা

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনাৰ মাৰ নৌযাওতেই পুনৰ ধিঙত সংঘটিত হৈছে আন এক নাবালিকা ধৰ্ষণ কাণ্ডৰ ঘটনা। দুই নৰপিশাচৰ বলি হ’ল এগৰাকী নাবালিকা।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । এজাহাৰ দাখিলৰ পিছতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

জানিব পৰা মতে, এগৰাকী নাবালিকা আৰু কণমানি ভাতৃয়ে বৃদ্ধা আইতাকক নদীৰ ঘাটত আগুৱাই দিবলৈ আহি ঘৰলৈ ওভতি গৈ থকা অৱস্থাতে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন নামৰ দুই পাষণ্ডই এখন মটৰ চাইকেলত বলপূৰ্বকভাৱে উঠাই লৈ যায় নাবালিকাগৰাকীক। মুখত সোপা দি ধিঙৰ লাঠিয়ামাৰী চৰৰ এডৰা জাৰনিৰ মাজত লৈ গৈ ফুজাইল আৰু ইছৰাফিলে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে নাবালিকাগৰাকীৰ ভাতৃয়ে দৌৰি আহি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজৰ তৎপৰতাত নাবালিকাগৰাকীক উদ্ধাৰ কৰে যদিও দুই নৰপিশাচে পলায়ন কৰে(Sensational Incident)।

উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নাবালিকাগৰাকীৰ পৰিয়ালে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি দুই অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজে দুই বলাৎকাৰীক কঠোৰ শাস্তিৰ দাবী জনাইছে।

লগতে পঢ়ক : Miscreants open fire in Sipajhar: ছিপাঝাৰৰ সাতখলিত দুৰ্বৃত্তৰ গুলীচালনা!