Sensational Incident : পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক !

নগাঁও, ৪ মাৰ্চ : এক চাঞ্চল্যক ঘটনা । পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক। কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম(Sensational Incident) ।
দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেম বাবে হত্যাৰ বলি হ’ল এগৰাকী লোক ।
নগাঁৱৰ লুটুমাৰীৰ অমৰাপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ নিজ পত্নী আৰু ভনী জোঁৱাইৰ বিৰুদ্ধে। মৃত লোকজন অমৰাপুৰৰ দ্বীজেন স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে ।
প্ৰেমজনিত কাৰণতে দ্বীজেন স্বৰ্গীয়াৰীক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ(Sensational Incident)।
অভিযাগ অনুসৰি, হত্যাকাৰী কেশৱ দাসৰ লগত মৃত লোকজনৰ পত্নীৰ অবৈধ সম্পৰ্ক আছিল।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে আৰক্ষীয়ে অভিযুক্ত কেশৱ দাসৰ লগতে দ্বীজেনৰ পত্নী ৰঞ্জিতা কোঁৱৰ স্বৰ্গীয়াৰীক আটক কৰিছে । ঘটনা সন্দৰ্ভত বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে ।
লগতে পঢ়ক : Man tragically slain by Son in Guwahati : পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ