Sensational Incident : পাৰিবাৰিক সংঘাতৰ বাবে ভাতৃয়ে হত্যা কৰিলে ভাতৃক
নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
পাৰিবাৰিক সংঘাতৰ বাবে ভাতৃয়ে হত্য়া কৰিলে ভাতৃক ।
টীয়কৰ চিন্তামণিগড়ত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পাৰিবাৰিক সংঘাতৰ বাবে চোকা অস্ত্ৰৰে কৰে ভাতৃক। ভাতৃ মাধুৰ্য ৰাজখোৱাক হত্যা মনোজ ৰাজখোৱা নামৰ ব্যক্তিজনৰ । চোকা অস্ত্ৰৰে আঘাতৰ ফলত থিতাতে মৃত্যু হয় মাধুৰ্যৰ। সুৰাৰ ৰাগীত সংঘটিত এই ভয়ংকৰ ঘটনা।
জানিব পৰা মতে,এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে মনোজ ৰাজখোৱা। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
লগতে পঢ়ক : Police Recover Grenades in Dibrugarh : ডিব্ৰুগড়ত উদ্ধাৰ দুটা গ্ৰেনেড