Local, Vocal, Global

Sensational incident : তৃতীয় শ্ৰেণীৰ ছাত্ৰী লগত অপকৰ্মৰ চেষ্টা যুৱকৰ

লামডিং,৮ছেপ্তেম্বৰ : পুনৰ ৰাজ্যত ভয়ংকৰ অপকৰ্মৰ অপচেষ্টা ।

তৃতীয় শ্ৰেণীৰ ছাত্ৰী লগত অপকৰ্মৰ চেষ্টা এজন যুৱকৰ ।

লামডিং এখন বিদ্যালয়ৰ স্কুলীয়া ছাত্ৰীক বলপূৰ্বক ভাৱে এজন যুৱকে অটোত উঠাই অপকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ(Sensational incident)।

জানিব পৰা মতে,লামডিং বজাৰত থকা বিদ্যালয়খনৰ পৰা আহি থকা সময়তে কণমানি কিশোৰী গৰাকীক অপহৰণ কৰাৰ চেষ্টা চলাই লামডিং এজন লম্পদে । অটোত তুলি লৈ যোৱা সময়তে কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত বিদ্যালয়ৰ শিক্ষক আৰু ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে কিশোৰী গৰাকী। তাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনক আটক কৰে।

আটকাধীন যুৱক লামডিং আপাৰ বাবুপত্তীৰ নাৰায়ন ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Massive Eviction Drive : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ