Sensational incident : পত্নীক হত্যা কৰি নিজে চৰম পন্থা ল’লে আৰক্ষী কনিষ্টবলে
নিউজ ডেস্ক,২ছেপ্তেম্বৰ : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। পত্নীক হত্যা কৰি নিজে চৰম পন্থা ল’লে আৰক্ষী কনিষ্টবলে।
লখিমপুৰ চৰাইমৰীয়াৰ সমীপৰ বৰবচাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাৰ। অসম আৰক্ষীৰ এগৰাকী আৰক্ষী কনিষ্টবলে পত্নীক হত্যা কৰি নিজেও চৰম পথ গ্ৰহণ কৰে(Sensational incident)।
জানিব পৰা মতে, বসন্ত শইকীয়া নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে সোমবাৰে পুৱা পত্নী হীৰা শইকীয়াক দাৰে ঘপিয়াই হত্যা কৰাৰ পাছত নিজেও চৰম সিদ্ধান্ত গ্ৰহণ কৰে। স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, পতী-পত্নী দুয়োৰে মাজত কিছুদিন ধৰি মনোমালিন্য চলি আছিল। খবৰ অনুসৰি, দুয়োৰে মৃতদেহ ঘৰৰ কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক : Student Attempts To Molest in Nagaon : নগাঁৱৰ কচুৱা গেৰজাইপামত স্কুলীয়া ছাত্ৰীক নিৰ্যাতন