Sensational Incident : মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰক নৃশংসভাৱে হত্যা;ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক,২৭আগষ্ট : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
মৰাণত নৃশংস হত্যা ।মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰক নৃশংসভাৱে হত্যা।হত্যা কৰা ছাত্ৰজন বিশাল বৰা বুলি জানিব পৰা গৈছে । মৰাণ চাহ বাগিচাত উদ্ধাৰ হয় ছাত্ৰজনৰ ক্ষত-বিক্ষত মৃতদেহ।
জানিব পৰা মতে, বিশাল বৰা মৰাণ মহাহিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আছিল । হত্যাকাণ্ডত জড়িতৰ সন্দেহত ডিমৌৰ উদয়পুৰৰ দুজন যুৱকক আটক।
লগতে পঢ়ক : Former WWE, WCW Champion Sid Vicious Passes Away : WWE আৰু WCWৰ প্ৰাক্তন চেম্পিয়ন ছিড ভিচিয়াছৰ মৃত্যু