Local, Vocal, Global

Sensational Incident : চোকা অস্ত্ৰৰে ভায়েকে হত্যা কৰিলে ককায়েকক

ডুমডুমা,২৬ আগষ্ট : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

ফিল’বাৰীৰ গুটিবাৰীত নৃশংস হত্যাকাণ্ড। চোকা অস্ত্ৰৰে ভায়েকে হত্যা কৰিলে ককায়েকক ।ভাতৃ নৱ সোনোৱালে চোকা অস্ত্ৰৰে হত্যা কৰে ককায়েক বুঢ়ীদিহিং মৌজাৰ BJP দলৰ জেষ্ঠ কাৰ্যকৰ্তা তথা সুলভ মুল্য দোকানৰ এজেণ্ট গিৰিণ সোনোৱালক।নৱ সোনোৱালৰ আক্ৰমণত আহত হয় গিৰিণ সোনোৱালৰ পত্নী।

জানিব পৰা মতে, হত্যাকাৰী নৱ সোনোৱাল হিন্দুস্থান ইউনিলিভাৰ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী। নৱ সোনোৱালৰ ভাতৃ স্থানীয় গাঁ‌ওঁ প্ৰধান ঘনকান্ত সোনোৱালৰ ওপৰতো গিৰিণ সোনোৱালৰ পৰিয়ালে হত্যাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰি নব সোনোৱালৰ জেষ্ঠ ভাতৃ ঘনকান্ত সোনোৱাল পলায়ন কৰে ।

ইফালে হত্যাকাৰী নৱ সোনোৱালক বৰডুমচা আৰক্ষীয়ে আটক কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Food poisoning in Sipajhar : খাদ্যত বিষক্রিয়া;অসুস্থ ১৫জন লোককৈ লোক