Local, Vocal, Global

Sensational Incident : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি

নিউজ ডেস্ক,২২আগষ্ট : ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটোকৈ চাঞ্চল্যকৰ অপৰাধ, হত্যাৰ ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷

হত্যা,হিংসা , ধৰ্ষণে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)। কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

এইবাৰ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক ।

চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীৰ গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। পাৰিবাৰিক কন্দলে প্ৰাণ ল’লে পত্নীৰ।

জানিব পৰা মতে, ৰঙামাটি হদলিবাৰীৰ আফ্ৰুজা বিবি নামৰ মহিলাগৰাকীয়ে কেইবছৰমান পূৰ্বে আইৰমাৰী গাঁৱৰ আতোৱাৰ আলীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। দুটি সন্তানৰ মাতৃ আফ্ৰুজা। কিছুদিন ধৰি স্বামী স্ত্ৰী দুয়োৰে মাজত চলি আছিল কাজিয়া। পাৰিবাৰিক কন্দলৰ বাবে স্বামীৰ ঘৰৰ পৰা ওলাই আহি দেউতাকৰ ঘৰত দুই সন্তান সহ আশ্ৰয় লৈছিল আফ্ৰুজাই।

কিন্তু যোৱা বুধবাৰে নিশা স্বামী আতোৱাৰ আলীয়ে হদলিবাৰীৰ শহুৰেকৰ ঘৰত উপস্থিত হৈ প্ৰথমে সন্তান দুজনক নিজ ঘৰলৈ লৈ যায়। একেনিশাই পুনৰ শহুৰেকৰ ঘৰত উপস্থিত হৈ জোৰ কৈ নিজ পত্নীক বাইকৰে উঠাই লৈ যায়। কিন্তু কিছু সময় পিছত নাটকীয়ভাৱে দুৰ্ঘটনা সংঘটিত হয় বুলি খবৰ দিয়ে শহুৰেকৰ ঘৰত। পৰিকল্পনা অনুসৰি বঙাইগাঁওৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয় মহিলাগৰাকী।

মৃত্যুৰ পিছৰ পৰাই স্বামী আতোৱাৰে ম’বাইল ফোন অফ কৰি পলাতক হৈ আছে(Sensational Incident)।‌

পৰিয়ালৰ সন্দেহ এয়া দুৰ্ঘটনা নহয়, এয়া পৰিকল্পিত হত্যা! এই সকলো ঘটনা ৰহস্যৰ সৃষ্টি কৰাত চাপৰ আৰক্ষীৰ কাষ চাপিছে ভূক্তভোগীৰ পৰিয়ালে । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ নি ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Man goes Missing : বাইহাটা চাৰিআলিত নিৰুদ্দেশ অৱসৰপ্ৰাপ্ত শিক্ষক