Local, Vocal, Global

Sensational incident: দুৰ্ঘটনা পতিত যুৱকৰ মৃত্যু;কিন্তু ক’ত কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনা বৰ্তমানলৈ লাভ কৰা নাই কোনো তথ্য

নিউজ ডেস্ক,১৯ আগষ্ট : যোৰহাটত চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়ত যুৱকৰ দুৰ্ঘটনাত পতিত যুৱকৰ মৃত্যু ।কিন্তু বৰ্তমানলৈ সন্ধান পোৱা নাই ক’ত আৰু কেনেকৈ সংঘটিত হৈছিল দুৰ্ঘটনা ।

যোৰহাটৰ চেঙেলীআটিৰ অবিনাশ দত্ত নামৰ এজন যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু হয় ।

জানিব পৰা মতে, দেওবাৰে দুৰ্ঘটনাত পতিত হোৱা বুলি অবিনাশ দত্তক ভৰ্তি কৰোৱা হৈছিল JMCHত। ৰহস্যজনকভাৱে যুৱকজনৰ বাইকখন উদ্ধাৰ কৰা হৈছিল JMCHৰ পাৰ্কিঙত। তাৰ পিছতে মৃত্য়ু হয় যুৱকজনৰ(Sensational incident)।

কিন্তু ক’ত দুৰ্ঘটনা হ’ল সেই সন্দৰ্ভত তথ্য নাই আৰক্ষী, পৰিয়ালৰ হাতত। মটৰ চাইকেলত নাই দুৰ্ঘটনা সংঘটিত হোৱাৰ কোনো চিন। JMCHত ভৰ্তি কৰা লোকজনৰো কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।

ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ পৰিয়ালৰ লোকৰ। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যোৰহাট আৰক্ষীয়ে।

লগতে পঢ়ক :Four of family die in road accident : চাৰিচকীয়া বাহনৰ দ্ৰুতবেগী বাছৰ লগত মুখামুখী সংঘৰ্ষ;নিহত একেটা পৰিয়ালৰ ৪জনকৈ লোক