Local, Vocal, Global

Sensational Incident: দুজন মাছমৰীয়াক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ

নিউজ ডেস্ক,১৩আগষ্ট : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

বকলীয়াঘাটত নৃশংস হত্যাকাণ্ড। বকলীয়াঘাটৰ টকৌবাৰীত দুজন মাছমৰীয়াক নৃশংসভাৱে হত্যা ৷ মাছমৰীয়া দুজন কোনো অচিনাক্ত দুৰ্বৃত্ত হত্যা কৰে । মাছমৰীয়া নীল বৰদলৈ আৰু বিভীষণ বৰদলৈক (লাংফু) নৃশংস হত্যা কৰে দুৰ্বৃত্তই।

জানিব পৰা মতে, সোমবাৰে নিশা কুঁচিয়া ধৰিবলৈ গৈছিল নীল বৰদলৈ আৰু বিভীষণ বৰদলৈয়ে৷ কিন্তু আজি আজি পুৱা মৃতদেহ প্ৰত্যক্ষ কৰে । নিজ ভতিজাকে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

কোনো আৰু কিয় হত্যা কৰিলে বৰ্তমানে জানিব পৰা হোৱা নাই ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।

লগতে পঢ়ক : Nalbari incident : নলবাৰী জিলা প্ৰশাসনৰ গধুৰ যান-বাহন চলাচলৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা প্ৰদান