Local, Vocal, Global

Sensational Incident : কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম;পৰকীয়া প্ৰেমৰ সন্দেহত স্বামীক হত্যা পত্নীৰ

নিউজ ডেস্ক,২৭জুলাই : এক চাঞ্চল্যক ঘটনা । পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক। কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম (Sensational Incident) ।

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেম বাবে হত্যাৰ বলি হ’ল এগৰাকী লোক ।

কাছাৰৰ কালাইনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ। চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা স্বামীক। সজল সিনহা নামৰ লোকজনক হত্যা কৰিলে পত্নীয়ে।

স্বামী সজল সিনহাৰ ঘৰ কৰিমগঞ্জ জিলাত। হত্যাকাৰী পত্নী সুৰ্বণা সিনহাক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

লগতে পঢ়ক : Teenagers missing in Subansiri River : নদীত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ