Local, Vocal, Global

Sensational Incident : দুই ফৈদৰ মাজত মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা

কলিয়াব,২৫জুলাই : দুই ফৈদৰ মাজত মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা । মাছৰ পোনা দিয়াক লৈ সংঘটিত হয় এই ঘটনাটো ।

কলিয়াবৰ ৩নং বৰঘূলিত মাছৰ পোনা দিয়াক লৈ দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। গছত বান্ধি কেইবা ঘন্টা মাৰপিট কৰাৰ অভিযোগ একাংশৰ বিৰুদ্ধে । মাৰপিটত আহত হয় ৩নং বৰঘূলিৰ চাইদোল ইছলাম, ৰফিকোল ইছলামৰ লগতে তেখেতৰ মাতৃ।

এই ভয়ংকৰ মাৰপিটৰ অভিযোগ অভিযোগ উঠিছে একে গাঁৱৰে মোনা,য়াকোৱ আলী,আনোৱাৰ হুছেইন আৰু তেখেতৰ পিতৃৰ ওপৰত(Sensational Incident)।

অভিযোগ অনুসৰি, চুলুং আৰক্ষীক ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ চুলুং আৰক্ষীৰ বিৰুদ্ধে।ডিঙিত দা লগাই হত্যা কৰাৰৰ চেষ্টা চলাইছিল বুলি মন্তব্য ভোক্তভোগীৰ ভাতৃৰ ।

সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৰফিকুল ইছলামক ।

লগতে পঢ়ক :One Women Arrested With Drugs : মহানগৰীৰ হাতীগাঁৱত জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন; আটক মহিলা সৰবৰাহকাৰী