Local, Vocal, Global

Sensational Incident : জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক

নিউজ ডেস্ক,২৫জুলাই : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ কোকৰাঝাৰত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা।

কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক। চোকা অস্ত্রৰে আক্রমণ কৰি হত্যা কৰে শাহু আৰু পত্নীক । আশা মল্লিক আৰু দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা কৰে পাষণ্ডটোৱে । শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক।

লগতে পঢ়ক : ‘Most beautiful biker’ Tatyana Ozolina dies in motorbike accident : ৰাছিয়াৰ সুন্দৰী বাইকাৰ’ তাতয়ানা অ’জ’লিনাৰ মৃত্যু