Local, Vocal, Global

Sensational Incident : ছাগলী চোৰৰ সন্দেহত দাৰে ঘপিয়াই হত্যা এজন যুৱকক

নিউজ ডেস্ক,২৩জুলাই : ছাগলী চোৰৰ সন্দেহত দাৰে ঘপিয়াই হত্যা এজন যুৱকক ৷

নাহৰকটীয়া চাহ-বাগিচাত চাঞ্চল্যৰ ঘটনা । নাহৰকটীয়াত ছাগলী চুৰৰ সন্দেহত এজন যুৱকক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে এহাল দম্পতীয়ে । নাহৰকটীয়া চাহ বাগিচাৰ অনুপ গোৱালা নামৰ এজন যুৱকে দাৰে ঘপিয়াই হত্যা কৰিলে একে বাগিচাৰে অৰ্জুন গোৱালা নামৰ ২১ বছৰীয়া এজন যুৱকক ।

জানিব পৰা মতে, নাহৰকটীয়া চাহ বাগিচাৰ নিৱাসী অৰ্জুন গোৱালা নামৰ যুৱকজনে সোমবাৰে সন্ধিয়া ঘৰলৈ আহি থকা অৱস্থাতে নাহৰকটীয়া চাহ বাগিচাৰ ১৭ নং লাইনত এটা ছাগলীক ভৰিৰে গোৰ মাৰি দিয়াত ছাগলীটোৱে চিঞৰি উঠাত লাইনটোৰ নিৱাসী অনুপ গোৱালা আৰু তেওঁৰ পত্নীয়ে ছাগলী চোৰৰ সন্দেহত অৰ্জুন গোৱালাক এখন দাৰে খেদি খেদি শৰীৰৰ বিভিন্ন অংশত প্ৰহাৰ কৰাত যুৱকজনক নাহৰকটীয়া অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে অৰ্জুন গোৱালাক মৃত বুলি ঘোষণা কৰে(Sensational Incident)।

তাৰ পিছতেই ঘটনাক লৈ এক উত্তাপ্ত পৰিস্থিতি সৃষ্টি হয় । হত্যাকাণ্ডত অভিযুক্ত অনুপ গোৱালা আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰিবলৈ পৰিয়ালৰ লোকে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।

তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড়ৰ উপ-আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ, নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ আৰু জয়পুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া উত্তম মালাকাৰ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰিবলৈ সক্ষম হয়।

শেহতীয়াকৈ অৰ্জুন গোৱালাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত অনুপ গোৱালা আৰু তেওঁৰ পত্নীক নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখন বিচাৰি আৰক্ষীয়ে বাগিচাখনত অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Veteran Musician Ramen Barua missing : বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন