Sensational Incident : পানী ভৰ্তি দ গাঁতত পৰি মৃত্য়ু কিশোৰৰ

নিউজ ডেস্ক,২২জুলাই : পানী ভৰ্তি দ গাঁতত পৰি মৃত্য়ু কিশোৰৰ ।
যোৰহাটৰ ন-পমুৱাত সংঘটিত হৈছে শোকাৱহ ঘটনা । দেওবাৰে ন-পমুৱা বালিগাঁৱৰ দুবৰণি পথাৰত সংঘটিত হয় এই ঘটনাটো। এটা পানী ভৰ্তি দ গাঁতত পৰি দুজন কিশোৰৰ মৃত্যু হয়।
দুবৰণি পথাৰত জেচিবিৰে মাটি খান্দি সৃষ্টি কৰিছিল এটা গাঁত ।এই গাঁতত নাৱৰ পৰা পৰি সন্ধানহীন হৈছিল দুই কিশোৰ । সন্ধানহীন কিশোৰ দুজনৰ এজনক স্থানীয় লোকে উদ্ধাৰ কৰে । পিছত দ্বিতীয়জন কিশোৰৰ মৃতদেহ এছডিআৰএফে অভিযান চলাই উদ্ধাৰ কৰে(Sensational Incident) ।
জানিব পৰা মতে ,পথাৰত গৰুৰ গাখীৰ আনিবলৈ এখন হাত নাৱত যাওতে হঠাৎ নাৱৰ পৰা পৰি পানীত ডুবি সন্ধানহীন হৈছিল কিশোৰ দুজন। মৃত কিশোৰদ্বয় সম্পৰ্কীয় ভাতৃ। কলিয়নি গাঁৱৰ বাসিন্দা কিশোৰ দুজনৰ নাম শ্ববন কুমাৰ দাস আৰু বিষ্ণু দাস বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। স্থানীয় ৰাইজে শীঘ্ৰে মাটি উঠাবলৈ খন্দা বৃহৎ গাঁতটো পুতি পেলাবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
লগতে পঢ়ক : Unidentified Body Found in Hatsingimari : গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ