Local, Vocal, Global

Sensational Incident : নৃশংস হত্যাকাণ্ড; বাগানত পাত ছিঙি থকা অৱস্থাত মহিলাক শিৰচ্ছেদ যুৱকৰ

নিউজ ডেস্ক, ১১ডিচেম্বৰ : নৃশংস হত্য়াকাণ্ড । বাগানত পাত ছিঙি থকা অৱস্থাত মহিলাক শিৰচ্ছেদ কৰিলে এজন যুৱকে ।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হত্যাকাণ্ডৰ ঘটনা( Murder case) । ৰাজ্যত পুনৰ এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সঘনাই ৰাজ্যত ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । শেহতীয়াকৈ সংঘটিত কেইবাটাও এনে হৃদয় বিদাৰক হত্যাকাণ্ডই সমাজত মানুহৰ অপৰাধৰ প্ৰৱণতা যে বৃদ্ধি পাইছে তাকে প্ৰতিফলিত কৰিছে ।

হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে(Sensational Incident) । ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

পুনৰ মানৱৰূপী দানৱৰ আন এক জঘন্য কাণ্ড । এইবাৰ বাগানত কাম কৰি অৱস্থাতে মহিলাক শিৰচ্ছেদ কৰিলে এজন যুৱকে ।

মাকুম বেতজান চাহ বাগিচাৰ ৪ নং শাখাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । সোমবাৰে পুৱা মাকুম বেতজান চাহ বাগিচাৰ বাগানত পাত ছিঙি থকা অৱস্থাত এগৰাকী মহিলাক শিৰচ্ছেদ কৰে এজন যুৱকে ।মৃত মহিলা গৰাকী ঘৰ বেতজান চাহবাগিছাৰ ৬ নং লাইনৰ ববিতা ভূঞা (৪৫ বছৰ) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বাগিছা খনৰ একেটা লাইনৰ দীপক বৰাইক নামৰ যুৱক এজনে সোমবাৰে পুৱা ৮ মান বজাত কৰ্মৰত অৱস্থাতে কলম দাৰে মহিলা গৰাকীক হত্যা কৰে ।এই ঘটনাৰ পিছতে মাকুম আৰক্ষী ঘটনাস্থলীত উপস্থিত আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ইতিমধ্যে হত্যাকাৰী দীপক বৰাই মাকুম থানাত হাজিৰ হৈছে । বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাকাৰীয়ে কি কাৰণত এনেধৰণৰ নৃশংসভাৱে হত্য়া কৰিলে মহিলাগৰাকীক।

লগতে পঢ়ক : Sensational Incident : পথাৰত হত্যা কৰি পেলাই থৈ গ’ল মহিলাক; কিন্তু কোনো কৰিলে এই হত্যাকাণ্ড ?