Sensational Incident : বিশ্বনাথত PMAY ঘৰৰ দেৱাল ভাঙি মৃত্যু শিশুৰ

নিউজ ডেস্ক,৯জুলাই : বিশ্বনাথত অঘটন । বিশ্বনাথত PMAY ঘৰৰ দেৱাল ভাঙি মৃত্যু শিশুৰ। ঘৰত খেলি থকা অৱস্থাতে দেৱাল ভাঙি মৃত্যু হয় শিশুটিৰ। মৃত শিশুটি চালাইখাটী গাঁৱৰ সন্দীপ ধানোৱাৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ঠিকাদাৰে নিৰ্মাণ কৰি আছিল PMAY ঘৰটো(Sensational Incident) ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ শিশুটিক লৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত শিশুটিক মৃত বুলি ঘোষণা কৰে ।