WATCH | Sensational incident : পুনৰ অবৈধ প্ৰেমক লৈ লংকাকাণ্ড হাজোৰ পানীখাইতিত

হাজো,১৮জুন : হাজোৰ পানীখাইতিত চাঞ্চল্যকৰ ঘটনা।
পুনৰ অবৈধ প্ৰেমক লৈ লংকাকাণ্ড হাজোৰ পানীখাইতি গাঁওত।
অবৈধ প্ৰেমিক প্ৰেমিকাক শাসন কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন এজন যুৱক।
বিতু আলী নামৰ যুৱক এজনক আক্ৰমণ ৰেবিক আলী নামৰ এজন যুৱকৰ।
ৰাজপথত বিবাহিত মহিলাৰ সৈতে অনৈতিক কাৰ্য্যৰ বাধা প্ৰাদন কৰাই কাল হ’ল বিতু আলীৰ ক্ষেত্ৰত।
উল্লেখযোগ্য যে, গাঁও খনৰ ৰেকিব আলী নামৰ যুৱক জনৰ সৈতে এগৰাকী বিবাহিত মহিলাৰ মাজত আছে অবৈধ প্ৰেম।
অবৈধ প্ৰেমিক যুগলে ৰাজপথত অনৈতিক কাৰ্য্যত লিপ্ত হোৱাত বাধা দিছিল বিতু আলীয়ে(Sensational incident)।
তাতেই খৰ্গহস্ত হৈ অগ্নি শৰ্মা হৈ পৰে অবৈধ প্ৰেমিক ৰেকিব আলী।
প্ৰেম সমাপনত বাধা প্ৰাদন কৰা যুৱক বিতু আলীক বাট আগছি ধৰে ৰেকিব আলীয়ে প্ৰহাৰ কৰে।
কাঠৰ বতামৰে বিতু আলীক দেহৰ কেইবা ঠাইত আক্ৰমণ কৰি বগৰাই দিয়ে ৰাজপথতে।
সাম্প্ৰতিক বিতু আলীয়ে অবৈধ প্ৰেমিক ৰেকীবৰ বিৰুদ্ধে হাজো থানাত দাখিল কৰিছে এজাহাৰ।
যিটো সময়ত ৰাজ্যেত অবৈধ প্ৰেমৰ বাবে বিভিন্ন ঘটনা সংঘটিত হৈ বহু পৰিয়ালৰ সপোব ধ্বংস হৈ গৈছে। তেনে সময়তে অবৈধ প্ৰেম বাধা দিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ’ব লগীয়া হোৱা ঘটনাই অঞ্চল জুৰি সৃষ্টি কৰিছে চাঞ্চল্য।
লগতে পঢ়ক : WATCH | Sivsagar Protest : শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ