WATCH | Sensational incident : চাপৰত ৰে’লৰ খুন্দাত নিহত মহিলাৰ
চাপৰ,১৫জুন : চাপৰৰ নিউ হাতীপোতাস্থিত ৰে’লপথত শোকাৱহ দুৰ্ঘটনা।
ৰে’লৰ খুন্দাত নিহত এগৰাকী বৃদ্ধা মহিলা।
ৰে’ল লাইন পাৰ হ’ব লওঁতে খুন্দিয়াই ৰে’লখনে।
মৃত মহিলাগৰাকী হাতীপোতাৰ মেহেৰন বিবি (৫২) বুলি জানিব পৰা গৈছে(Sensational incident)।
ৰে’লৰ খুন্দাৰ পিছত মহিলা গৰাকীক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়ত বৃদ্ধা গৰাকীৰ মৃত্যু হয়।
চিকিৎসালয়ত ৰে’লৱে আৰক্ষী বিষয়া অপূৰ্ব তালুকদাৰ উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰি দিয়ে দুখীয়া পৰিয়ালটোক।
উক্ত ঘটনাই অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক : WATCH | Kaliabor Protest : কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাত প্ৰতিবাদ