Local, Vocal, Global

WATCH | Sensational incident: দেৰগাঁৱত বনকৰা যুৱতীৰ আত্মহত্যা

দেৰগাঁও,১৪জুন : দেৰগাঁৱত আত্মহত্যাৰ ঘটনা।এগৰাকী বনকৰা যুৱতীৰ আত্মহত্যা। দেৰগাঁও শিশু ভাৰতী বিদ্যালয়ৰ সমীপৰ জুড়েন ৰাজখোৱা নামৰ ব্যক্তি জনৰ ঘৰত সংঘটিত হয় এই ঘটনা(Sensational incident)।

জানিব পৰা মতে, পিংকি ওৰাং নামৰ প্ৰায় ২৯ বছৰীয়া যুৱতী গৰাকীয়ে দেৰ বছৰ ধৰি বন কৰি আহিছিল জুড়েন ৰাজখোৱা নামৰ ব্যক্তিজনৰ ঘৰত।কিন্তু শুকুৰবাৰে নিশা জুড়েন ৰাজখোৱাৰ ঘৰৰ বাৰীৰ এটা পৰিত্যক্ত ঘৰৰ ভিতৰত আত্মহত্যা কৰে যুৱতীগৰাকীয়ে। যুৱতী গৰাকীৰ ঘৰ গোলাঘাট শিয়ালেখাটিত।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনাস্থলীত দেৰগাঁও আৰক্ষীৰ লগতে দেৰগাঁও সমজিলাৰ দণ্ডাধীক উপস্থিত হয় আৰু মৃতদেহটো মৰুণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ ব্যৱস্থা কৰে।
বৰ্তমানলৈ জানিব পৰা হোৱা আত্মহত্যাৰ কাৰণ।

লগতে পঢ়ক : WATCH | National Highway blocked due to fallen tree : গছ পৰি বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ