WATCH | Sensational incident : অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা
বঙাইগাঁও,১০জুন : বঙাইগাঁও জিলাৰ অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা। ডেগাৰেৰে আক্ৰমণ এজনক।
পত্নীক অশ্লীল কথাৰে গালিগালাজ কৰাত স্বামী ছাহাদুলে প্ৰতিবাদ কৰোতে মিথুন নামৰ এজন উদণ্ড যুৱকে ছাহাদুলক গবা মাৰি ধৰে আৰু বিট্টু নামৰ আক্ৰমণকাৰী জনে উপৰ্যপুৰি ডেগাৰেৰে আক্ৰমণ কৰে। সংকটজনক অৱস্থাত ছাহাদুলক অভয়াপুৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়(Sensational incident)।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
ঘটনা সংঘটিত কৰিয়েই দুই আক্ৰমণকাৰী পলাতক অৱস্থাত আছে বুলি অভিযোগ ভুক্তভোগী পৰিয়ালৰ।
লগতে পঢ়ক : WATCH | Nalbari News : বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিচতেই নলবাৰীত হাহাকাৰ