WATCH | Sensational incident : স্বামীক চোকা অস্ত্ৰৰে আক্ৰমণ পত্নীৰ
ডিব্ৰুগড়,৬জুন : স্বামীক চোকা অস্ত্ৰৰে আক্ৰমণ পত্নীৰ। কনমাণি পুত্ৰৰ সন্মুখত স্বামীক চোকা অস্ত্ৰৰে আক্ৰমণ পত্নীৰ। সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় স্বামীক।
ডিব্ৰুগড়ৰ শান্তিপাৰা নিবাসী সঞ্জয় ভট্টাচাৰ্য নামৰ ব্যক্তিজনে তিনিচুকীয়াৰ শিৱধামৰ ওচৰৰ এখন প্লে স্কুলত পঢ়া নিজ পুত্ৰৰ কাষলৈ গৈছিল।কনমাণি পুত্ৰক সাক্ষাৎ কৰাৰ সময়তে বিবাহ বিচ্ছেদিত পত্নি মধু চায়া চক্ৰবৰ্তীয়ে এখন চুৰিৰে সঞ্জয়ৰ ডিঙিত আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হয় স্বামী সঞ্জয় ভট্টাচাৰ্য । সংকটজনক অৱস্থাত চিকিৎসাধীন সঞ্জয়(Sensational incident)।
আক্ৰমণকাৰী মধু চায়া চক্ৰবৰ্তী তিনিচুকীয়াৰ অসম পাব্লিক স্কুল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষয়ত্ৰী ৰূপে কৰ্মৰত।
জানিব পৰা মতে,সঞ্জয় ভট্টাচাৰ্য আৰু মধু চায়া চক্ৰৱৰ্তীৰ কিছুদিনৰ পূৰ্বে হৈছিল বিবাহ বিচ্ছেদ। বিচ্ছেদৰ পাছত কনমাণি সন্তানৰ সৈতে মধু চায়া চক্ৰৱৰ্তী বসবাস কৰিছিল তিনিচুকীয়াত।
লগতে পঢ়ক : WATCH | Teok News : টীয়কত গছপুলি ৰোপণ কাৰ্যসূচী