Local, Vocal, Global

WATCH | Sensational incident : মানকাচৰত বোৱাৰীৰ ৰহস্যজনক মৃত্য়ু

হাটশিঙিমাৰী,৫জুন : মানকাচৰৰ পিপুলবাৰীৰ দ্বিতীয় খণ্ডত ৰহস্যজনক বাবে বোৱাৰীৰ চীপজৰি লৈ আত্মহত্যা।

মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত পিপুলবাৰীৰ দ্বিতীয় খণ্ডত ৰহস্যজনক বাবে মৰ্জিনা খাতুন (৩৫) নামৰ এজনী বোৱাৰীয়ে চীপজৰি লৈ আত্মহত্যা কৰাৰ ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বোৱাৰীৰ পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে(Sensational incident)।

দীৰ্ঘদিনৰ পৰাই যৌতুকৰ বাবে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। ১০ লাখ টকাৰ যৌতুক দাবী কৰাৰ পিছত বহু কষ্টেৰে উক্ত যৌতুক দিয়াৰ পিছত আকৌ যৌতুক বিচাৰি হাৰাশাস্তিৰ কৰে স্বামীৰ পৰিয়ালৰ লোকে।

ইফালে স্বামী আখিৰুল ইছলামে পলাতক হোৱাৰ বাবে অধিক ৰহস্যৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনাটো।

ঘটনাস্থলীত কালাপানী আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

লগতে পঢ়ক : WATCH | Floods in Chapar : জেঠ মহীয়া বানৰ তাণ্ডৱে নিদ্ৰা হৰণ কৰিছে চাপৰৰ নৈ পৰীয়া লোকসকলৰ