Local, Vocal, Global

Sensational Incident : নৃশংস হত্যাকাণ্ড; দৰ্জা ভাঙি ডিঙিত ঘপিয়াই হত্যা আব্দুল ছামাদ নামৰ এজন লোকক

নিউজ ডেস্ক,২৬জুন : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

লংকাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। মঙলবাৰ নিশা প্ৰায় ১ মান বজাত লংকা আৰক্ষী থানাৰ অন্তৰ্গত অকান্তূত সংঘটিত হৈছে এই হত্যাকাণ্ড।

মুখত ক’লা কাপোৰ মাৰি দৰ্জা ভাঙি ডিঙিত ঘপিয়াই হত্যা তিনিজনকৈ দুৰ্বৃত্তৰ ।ভূক্তভোগী লোকজন আব্দুল ছামাদ বুলি জানিব পৰা গৈছে ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।বৰ্তমান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, আব্দুল ছামাদ দুমাহ পূৰ্বে ঘৰত বন্দুক উদ্ধাৰ হোৱাৰ অভিযোগত জে’লত আছিল।

লগতে পঢ়ক : Road Accident in Dhubri : শোকাৱহ দুৰ্ঘটনা ;থিতাতে নিহত ট্ৰাক চালক