WATCH | Sensational incident : ই-ৰিক্সা চালকৰ ধৰ্ষণৰ অপচেষ্টা ২৪ বছৰীয়া যুৱতীক
ৰঙিয়া,১৭মে’ : ৰঙিয়াৰ শিমলুৱাত জঘন্য ঘটনা । ই-ৰিক্সা চালকৰ ধৰ্ষণৰ অপচেষ্টা ২৪ বছৰীয়া যুৱতীক।
ৰঙিয়াৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ এগৰাকী যুৱতীৰ সৈতে অপকৰ্ম চলোৱাৰ চেষ্টা চলাই ৰঙা ঘৰৰ আলহী হ’ল ই-ৰিক্সা চালক ।
ঘটনাৰ বিৱৰণী অনুসৰি, যুৱতীগৰাকী ৰঙিয়াৰ কৰ্মস্থলীৰ পৰা নিজৰ ঘৰলৈ ই-ৰিক্সাৰে অকলশৰে উভতি আহি থকাৰ সময়ত এই জঘন্য ঘটনা সংঘটিত হয় । আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি অভিযুক্ত চালক অনন্ত কলিতাই প্ৰস্ৰাৱৰ অজুহাতত নিৰ্জন পথৰ দাঁতিত ই-ৰিক্সাখন ৰখাই । তাৰ পিছত পাছফালৰ পৰা যুৱতীগৰাকীৰ মুখত গোবা মাৰি ধৰি তেওঁক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে ধৰ্ষণৰ অপচেষ্টা চলায় । যুৱতীগৰাকীৰ চিঞৰ-বাখৰ শুনি এগৰাকী বাটৰুৱাই ততাতৈয়াকৈ আগবাঢ়ি আহে । তেওঁৰ উপস্থিতিৰ ভয়ত লম্পট চালকে ই-ৰিক্সা লৈ তত্ক্ষণাত পলায়নৰ চেষ্টা কৰে(Sensational incident)।
কিন্তু ভুক্তভোগী যুৱতীৰ সাহস আৰু তৎপৰতাৰ ফলত এই জঘন্য অপৰাধৰ বিষয়ে তৎকালে আৰক্ষীক অৱগত কৰা হয় । তেওঁ ৰঙিয়া আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীৰ তৎপৰতাৰ জৰিয়তে ঘটনাৰ তদন্ত আৰম্ভ হয় । ঘটনাস্থলীৰ সমীপৰ চি চি টিভি কেমেৰাত ধৰা পৰা ৰঙা ৰঙৰ ই-ৰিক্সাখনৰ ফুটেজৰ সহায়ত অভিযুক্ত অনন্ত কলিতাক চিনাক্ত কৰা হয় ।
শুকুৰবাৰৰ নিশা ৰঙিয়া আৰক্ষীয়ে তীব্ৰ অভিযান চলাই এই মানৱৰূপী নৰপিশাচক ৰঙিয়াৰ ইচ্ছাদঘৰীয়াৰ অনন্ত কলিতা গ্ৰেপ্তাৰ কৰে । এই ঘটনাই ৰাজ্যত যুৱতী-মহিলাৰ সুৰক্ষাৰ বিষয়ে গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে । জনসাধাৰণৰ মাজতো এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে।
ই-ৰিক্সাৰ দৰে গণপৰিবহণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপিত হৈছে । আৰক্ষীয়ে অভিযুক্ত অনন্ত কলিতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে ।
একে সময়তে,এই ঘটনাই সকলোকে সতৰ্ক কৰিছে যে ই-ৰিক্সা বা অন্যান্য গণপৰিবহণত যাত্ৰাৰ সময়ত অধিক সতৰ্কতা অৱলম্বন কৰা উচিত । এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে সমাজৰ সকলো স্তৰৰ মানুহৰ সহযোগিতা আৰু সজাগতা অতি জৰুৰী।
লগতে পঢ়ক : WATCH | Abhayapuri News : বঙাইগাঁৱৰ WINGS UNISEX SPA & SALNON ত আৰক্ষীৰ অভিযান