Local, Vocal, Global

Sensational Incident : পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক !

নিউজ ডেস্ক, ২৫জুন : এক চাঞ্চল্যক ঘটনা । পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক। কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম(Sensational Incident) ।

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেম বাবে হত্যাৰ বলি হ’ল এগৰাকী লোক ।

পৰকীয়া প্ৰেমৰ বাবে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ নিজ পত্নীৰ বিৰুদ্ধে। মৃত লোকজন দিটুমণি বুলি জানিব পৰা গৈছে ।

মহানগৰীৰ কাহিলীপাৰাত নৃশংস হত্যাকাণ্ড। অবৈধ প্ৰেমৰ বাবেই পত্নীয়ে স্বামীক হত্যা কৰাৰ অভিযোগ। প্ৰেমজনিত কাৰণতে দিটুমণি হালৈ নামৰ চিআৰপিএফ জোৱানজনক পত্নীয়ে হত্যা কৰাৰ সন্দেহ স্বামীক ।
অবৈধ প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে দিটুমণিক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, মণিপুৰৰ 175 CRPF বেটেলিয়নত কৰ্মৰত আছিল দিটুমণি। স্বামী দিটুমণিৰ আচল ঘৰ টিহুত আৰু পত্নীৰ ঘৰ সৰ্থেবাৰীত। গুৱাহাটীৰ কাহিলিপাৰাৰ আদশপুৰ পথৰ ভাড়াঘৰত আছিল দম্পত্তি হাল। দুয়োৰে আছিল দুটা সন্তান।

সোমবাৰে দিনৰ প্ৰায় ১ মান বজাত কাহিলিপাৰাৰ আদশপুৰ পথৰ ভাড়াঘৰত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ডিঙি চেপি হত্যা কৰা হৈছিল দিটুমণি দাসক। দীৰ্ঘদিন ধৰি দম্পতীহালৰ মাজত চলি আছিল কাজিয়া।

লগতে পঢ়ক : Encounter in Mazbat : মাজবাটত আৰক্ষীৰ এনকাউণ্টা