Local, Vocal, Global

WATCH | Sensational incident : দুই নাবালিকাক অপহৰণ কৰি অসৎ কৰ্ম দুই লম্পটৰ

সোণাৰি,১৫মে’ : দুই নাবালিকাক অপহৰণ কৰি অসৎ কৰ্ম দুই লম্পটৰ। সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত টিয়ক চাহ বাগিচাৰ দুই নাবালিকা কিশোৰীক ফুচুলাই অপহৰণ কৰি অসৎ কৰ্ম কৰাৰ অভিযোগত দুই লম্পটৰ বিৰুদ্ধে(Sensational incident)।

ঘটনা অনুসৰি, টিয়ক চাহ বাগিচাৰ উৰিয়া লাইনত সোমবাৰে নিশা অনুষ্ঠিত হোৱা পূজাত পৰিয়ালৰ সদস্য সকলৰ অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে একেখন বাগিচাৰ দুই নাবালিকা কিশোৰীক টিয়ক ৰজাবাৰী গেজিঙ বস্তিৰ অৰ্জুন বনিক দাস (২১) আৰু আন এজন নাবালক কিশোৰে ফুচুলাই নিজৰ ঘৰ দেখুৱাই অনাৰ চলেৰে লৈ গৈছিল।

নিশা দুই কিশোৰী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সোণাৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দলে লম্পট দুটাক নিজ গৃহৰ পৰা আটক কৰে। পৰৱৰ্তী সময়ত স্থানীয় লোকে নিৰুদ্দিষ্ট কিশোৰী দুগৰাকীৰ কাকতিবাৰীৰ পৰা উদ্ধাৰ কৰি আনে। আৰক্ষীয়ে ঘটনাটো সংঘটিত কৰা দুই লম্পটক গ্ৰেপ্তাত কৰি আদালতত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক : WATCH | Moran News : মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহনৰ প্ৰস্তুতি চৰাইদেউ জিলা প্ৰশাসনৰ