Local, Vocal, Global

WATCH | Sensational incident : মহানগৰীৰ বশিষ্ঠত ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ শিশুৰ মৃতদেহ

নিউজ ডেস্ক,১১মে’ : মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা৷ ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ শিশুৰ মৃতদেহ ৷

আজি দুপৰীয়া বশিষ্ঠত এটা ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ হৈছিল এটি ক্ষত-বিক্ষত মৃতদেহটো। খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে দণ্ডাধীশ(Sensational incident)।

বশিষ্ঠৰ ইন্দিৰা নগৰ পথৰ হেমভাই আশ্ৰমৰ চৌহদৰ সন্মুখত উদ্ধাৰ হৈছিল মৃতদেহটো। আন্ধাৰৰ সুযোগ লৈ মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
মৃতদেহটো মৃন্ময় ৰাজবংশী বুলি সন্দেহ কৰিছে দণ্ডাধীশে।

উল্লেখ্য যে জয়ানগৰ চাৰিআলিৰ পৰা নিৰুদ্দেশ হৈছিল শিশুটি। শনিবাৰে সন্ধিয়া দিছপুৰ থানাত ৰুজু হৈছিল এজাহাৰ। মৃতদেহটো এটি ১০ বছৰীয়া শিশুৰ বুলি চিনাক্ত হৈছে। শিশু মৃতদেহ উদ্ধাৰৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিতুমণি হালৈ নাম এজন অভিযুক্তক। আনফালে শিশুটিৰ মাতৃকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মাতৃৰ পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ বলি হ’ল শিশুটি। জিতুমণি হালৈ আৰু শিশুটিৰ মাজত আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক।

লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথত ভাৰতীয় বীৰ সৈনিক সকলৰ বিজয় আৰু দীৰ্ঘায়ু কামনাৰে বন্তি প্ৰজ্জ্বলন