WATCH | Sensational incident : বিলাসীপাৰাত পত্নী হত্যাকাৰী মূল মাষ্টাৰমাইণ্ড ৰফিকুল ইছলাম আৰক্ষীৰ জালত

বিলাসীপাৰা,৫এপ্ৰিল : বিলাসীপাৰাত পত্নী হত্যাকাৰী মূল মাষ্টাৰমাইণ্ড ৰফিকুল ইছলাম আৰক্ষীৰ জালত।
উল্লেখ্য যে, ছয় পূৰ্বে গুৱাহাটী ভাড়া ঘৰত ৰফিকুল ইছলামে নিজ পত্নীক হত্যা কৰিছিল।
পত্নী ৰমেনা খাতুনক হত্যা কৰি ৰফিকুল ইছলামৰ বিলাসীপাৰাৰ টোকৰাবান্ধা বাসগৃহত ওচৰত পাহাৰত খাদ খান্দি পুতি থৈছিল।
পিছত ৰমেনা খাতুনৰ পৰিয়ালে গুৱাহাটী ভৰলুমুখ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল(Sensational incident)।
উক্ত এজাহাৰ ভিত্তিত যোৱা নৱেম্বৰ মাহত ভৰলুমুখ আৰক্ষীয়ে বিলাসীপাৰা টোকৰাবান্ধা পাহাৰত পুথি থোৱা ৰমেনা খাতুনৰ অৰ্ধগলিত মৃত্যু দেহ উদ্ধাৰ কৰিছিল।
গ্ৰেপ্তাৰ কৰিছিল ৰফিকুল ইছলামৰ ভাতৃসহ আন কেইবাজনক।
হত্যাকাৰী স্বামী ৰফিকুল ইছলামে ছয় মাহে পলায়ন কৰি আছিল।
যোৱা চাৰিদিন আগত গুৱাহাটী ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰফিকুল ইছলামক।
আজি গুৱাহাটী ভৰলুমুখ আৰক্ষীয়ে হত্যাকাৰী ৰফিকুল ইছলামক লগত লৈ বিলাসীপাৰা টোকৰাবান্ধা পাহাৰত হত্যা কৰা ঘটনাস্থলীত পত্নী ৰমেনা খাতুনৰ সোনৰ আ-অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ মতে পাৰিবাৰিক আৰু পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰমেনা খাতুনক হত্যা কৰিছিল ৰফিকুলে।
লগতে পঢ়ক : WATCH | Apex Bank: এপেক্স বেংকৰ সন্মুখত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ