Local, Vocal, Global

WATCH | Sensational incident : বিদ্যালয়ৰ ভিতৰতে দশম শ্ৰেণীৰ ছাত্ৰীক যৌন আতিশয্য

বঙাইগাঁও,৪এপ্ৰিল : বঙাইগাঁও জিলাৰ বৃহত্তৰ বিদ্যাপুৰ অঞ্চলত চাঞ্চল্যকৰ ঘটনা ।

বিদ্যালয়ৰ ভিতৰতে দুই কিশোৰ আৰু এক যুৱকে মিলি যৌন আতিশয্য চলোৱাৰ অভিযোগ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক।

বিদ্যালয় চলি থকা সময়তে বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক চল চক্ৰান্তৰে বিদ্যালয়ৰ পিছফালে নি এজন যুৱক আৰু এজন কিশোৰে মিলি যৌন আতিশয্য চলায় আৰু এজনে সমগ্ৰ ঘটনা মোবাইলৰ কেমেৰাত বন্দী কৰে(Sensational incident)।

ঘটনাৰ উমান পাই বিদ্যালয়ৰ অইন শিক্ষাৰ্থী তথা স্থানীয় ৰাইজে লম্পট তিনিটাক ধৰি আৰক্ষীক গতাই দিয়ে।

লম্পট তিনিটা ক্ৰমে দিলদাৰ আলী(২১),বাহাৰুল সেখ(১৬) আৰু ৰেজাউল কৰিম(১৪) বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত বিদ্যাপুৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Eviction drive in Sonapur : পুনৰ সোণাপুৰৰ কচুতলিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান