Local, Vocal, Global

WATCH | Sensational incident : পোহৰলৈ আহিছে গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰটেকত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্যকৰ তথ্য

গোৱালপাৰা,২৩মাৰ্চ : পোহৰলৈ আহিছে গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰটেকত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্যকৰ তথ্য। মৃতকৰ যুৱতীগৰাকী বঙাইগাঁও জিলাৰ অন্তৰ্গত মাণিকপুৰ সালাবিলা দ্বিতীয় খণ্ডৰ।

জানিব দিয়া মতে নিজ স্বামী খাইৰুল ইছলাম আৰু খাইৰুলৰ ভায়েক ইঞ্জামুল হকে হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । খাইৰুল ইছলাম ভাৰতীয় সেনাত কৰ্মৰত।

ভুক্তভোগীৰ পৰিয়ালে জানিব দিয়া অনুসৰি, ৰাতি ৯: ৪০ মিনিটত ঘৰৰ পৰা জোৰ কৰি বোৱাৰী জনীক উঠাই লৈ যায়। তাৰ পিছত স্বামী খাইৰুলে হত্যা কৰি ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিয়া চেষ্টা চলাই। পৰিয়ালে লোকে জনোৱা মতে নিজ হাতেৰে বাহন খনৰ গ্লাচ আৰু টায়েৰ ভাংঙি ডিঙি চেপী ছালেহা বেগমক হত্যা কৰিছে। এখন চাৰিচকীয়া বাহন আৰু মাটিৰ বাবে হত্যা কৰিছে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। হত্যা কৰি ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে স্বামী খাইৰুলে। খাইৰুল ইছলাম পূৰ্বতেও বিবাহিত আছিল। একে একে তিনিটা বিয়া পাতিছিল সেনা জোৱান জনে। সালেহা বেগম আছিল দ্বিতীয় পত্নী(Sensational incident)।

পুৱতি নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে বোৱাৰী গৰাকীৰ মৃতদেহটো। গাড়ী খনত পোৱা পান কাৰ্ডত যুৱতী গৰাকীৰ নাম ছালেহা বেগম পিতৃৰ নাম আব্দুছ ছালাম বুলি উল্লেখ আছে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । গাড়ীখন যুৱতী গৰাকীৰ নামতে আছে । গাড়ী খনৰ নম্বৰ AS 01 FT 9384

পৰিয়ালৰ লোকে ন্যায় বিচাৰি কাতৰ আহবান জনাইছে প্ৰশাসনক।

লগতে পঢ়ক : WATCH | Congress Protest: মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে সোণাৰিত জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ