Local, Vocal, Global

WATCH | Sensational incident: ড্ৰাইভাৰ আসনত বহি থকা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

গোৱালপাৰা,২৩ মাৰ্চ : গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰটেকত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

এখন হুণ্ডাই ভেনু গাড়ীৰ ড্ৰাইভাৰ আসনত বহি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ । যুৱতী গৰাকীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ সন্দেহ ৰাইজৰ(Sensational incident)।

পুৱতি নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতী গৰাকীৰ মৃতদেহটো। গাড়ী খনত পোৱা পান কাৰ্ডত যুৱতী গৰাকীৰ নাম ছালেহা বেগম পিতৃৰ নাম আব্দুছ ছালাম বুলি উল্লেখ আছে । ঘৰ কামৰূপ জিলাৰ বকোৰ মাহতলী ( সোণতলী)ত। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । গাড়ীখন যুৱতী গৰাকীৰ নামতে আছে । গাড়ী খনৰ নম্বৰ AS 01 FT 9384 ।

লগতে পঢ়ক : WATCH | Jamugurihat News : ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ বিহুমেলা কমিটিৰ উদ্যোগত জামুগুৰিহাটত বিহু কৰ্মশালা