WATCH | Sensational incident: চাপৰৰ শালকোচাত চাঞ্চ্যলকৰ ঘটনা
চাপৰ,৫মাৰ্চ : চাপৰৰ শালকোচাত চাঞ্চ্যলকৰ ঘটনা।
শালকোচাৰ ভেলুপাৰা গাঁৱৰ এটা কালভাৰ্টৰ তলত দুৰ্গন্ধময় অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা পুৰুষৰ মৃতদেহ।
মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে শালকোচা আৰক্ষীক(Sensational incident)।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ সময়তে পুত্ৰ উপস্থিত হৈ তেওঁৰ পিতৃ ধুনু বৰ্মনৰ (৬৫) ৰ মৃতদেহ বুলি চিনাক্ত কৰে।
মৃত ধুনু বৰ্মনৰ ঘৰ শ্ৰীগ্ৰাম ২য় খণ্ড গাঁৱত।
উল্লেখ যে যোৱা ১০ দিন ধৰি মৃত ধুনু বৰ্মন ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।
পৰিয়ালৰ লোকে এই সংক্ৰান্তত শালকোচা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে বুলি পুত্ৰই জানিবলৈ দিয়ে
এয়া হত্যাকাণ্ড নে আন কিবা সেয়া আৰক্ষীৰ তদন্ত হে ওলাই পৰিব।
সমগ্ৰ ঘটনাই শালকোচা অঞ্চলত এক তীব্ৰ চাঞ্চ্যলকৰ সৃষ্টি কৰিছে।