Sensational incident: কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম ?

নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী : গুৱাহাটীৰ মাজ-মজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। গুৱাহাটীৰ উলুবাৰীত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
দেওবাৰে পুৱা শোৱাপাটীতে স্বামীয়ে হত্য়া কৰে পত্নীক। পাষাণ স্বামী ৰুবুল শৰ্মাই হাতত প্ৰাণ গ’ল শ্ৰেয়া ভট্টাচাৰ্য শৰ্মা নামৰ মহিলাগৰাকীৰ(Sensational incident)।
হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে পোহৰলৈ আহিছে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্য।
খবৰ অনুসৰি, ৪ বছৰ পূৰ্বে নলবাৰীৰ ৰুবুল শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ডাউকীৰ শ্ৰেয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকী। দুয়োৰে মাজত সম্পন্ন হৈছিল প্ৰেম বিবাহ। বিগত দুবছৰ ধৰি উলুবাৰী ফেমিলী ক’ৰ্টৰ পথত থকা ১৮ নম্বৰ বাসগৃহত ভাড়াতীয়া হিচাপে আছিল ৰুবুল আৰু শ্ৰেয়া।
আনফালে ঘাতক স্বামী ৰুবুল শৰ্মা আছিল গুৱাহাটীৰ এখন ব্যক্তি বিদ্যালয়ৰ বাছ চালক। মৃত শ্ৰেয়া ভট্টাচাৰ্য শৰ্মা আছিল আৰ্য মহাবিদ্যালয়ত স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী আছিল। আনফালে দুবছৰ পূৰ্বে এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছিল শ্ৰেয়া।
তথ্য অনুসৰি শ্ৰেয়াৰ আছিল অন্য যুৱকৰ সৈতে পৰকীয়া প্ৰেম। আৰু তাকে লৈ শ্ৰেয়া আৰু ৰুবুলৰ মাজত হৈছিল সংঘাত। আজি সেই সংঘাতে লয় চূড়ান্ত ৰূপ।