Sensational incident:অব্যাহত আছে যোৰহাট নগৰৰ মাজমজিয়াৰ নিৰ্মীয়মান গৃহৰ চৌহদত উদ্ধাৰ হোৱা মৃতদেহকলৈ

নিউজ ডেস্ক,১৩ফেব্ৰুৱাৰী : অব্য়াহত আছে যোৰহাট নগৰৰ মাজমজিয়াত এটা নিৰ্মীয়মান গৃহৰ চৌহদত উদ্ধাৰ হোৱা মৃতদেহক লৈ ।
উদ্ধাৰ হোৱা মৃতদেহটো ইতিমধ্যে হত্যা কৰা বুলি আৰক্ষী নিশ্চিত কৰিছে।
উল্লেখ্য যে, যোৰহাট নগৰৰ অল্ড চাৰ্কিট হাউছ ৰোডৰ সমীপত থকা সদৌ যোৰহাট জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত মঙলবাৰে পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী অৰ্ধ উলংগ মহিলাগৰাকীৰ মৃতদেহ। অৰ্ধ উলংগ অৱস্থাত তলমূৰ কৰি পৰি আছিল মহিলাগৰাকীৰ মৃতদেহটো।এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে(Sensational incident)।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত এই সন্দৰ্ভত সকলো তথ্য স্পষ্ট হ’ব। বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ নোহোৱা মৃত মহিলা গৰাকী অপকৰ্মৰ বলি হৈছে নেকি সেয়া ফৰেনচিক পৰীক্ষাৰ পিছতহে স্পষ্ট হ’ব।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মহিলাগৰাকীক শ্বাসৰুদ্ধ কৰি হত্যা কৰা বুলি পোহৰলৈ আহিছে।
আনহাতে মৃতদেহৰ অৱস্থালৈ চাই এই ঘটনাৰ সৈতে এজনতকৈ অধিক লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলী চীল কৰি তদন্ত অব্যাহত ৰাখিছে। বুধবাৰে গুৱাহাটীৰ পৰা অহা ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি বহুখিনি নমূনা সংগ্ৰহ কৰে । মহিলাগৰাকীক বেলেগ ঠাইত হত্যা কৰি যোৰহাট নগৰৰ এই স্থানত পেলাই থৈ যোৱাৰো সন্দেহ কৰা হৈছে ।
তদন্তকাৰী আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ সমীপৰ বহুকেইটা চিচিটিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক:Jamiat President Mustaq Anfar not well:গুৰুতৰভাৱে অসুস্থ জমিয়তৰ সভাপতি মুস্তাক আনফৰ