Sensational incident: স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীৰ চৰমপন্থা; হাতত লিখিলে ছুইচাইড নোট
দেৰগাঁও, ১০ফেব্ৰুৱাৰী: এটা ৯ বছৰৰ বিবাহ সম্পৰ্ক। দেখিছিলে দুয়োৱে সুখ-দুখত একেলগে থকাৰ সপোন।কিন্তু হঠাত আহিল ধুমুহা ।শেষ কৰি দিলে সকলো ।
ঘটনা অনুসৰি, জিম্পী শইকীয়াই প্ৰায় ৯ বছৰৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল দেৰগাঁৱৰ মিছামৰাৰ দুলীয়া গাঁৱৰ অভিজিত বৰাৰ সৈতে।কিন্তু বিবাহৰ পিছৰে পৰা স্বামী অভিজিত বৰাই নিজ পত্নীক শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন কৰি গৈছিল(Sensational incident)।দীৰ্ঘদিনৰ পৰা চলাই অহা শাৰীৰিক মানসিক নিৰ্যাতনৰ বাবে জিম্পী শইকীয়াই নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয়। জিম্পী শইকীয়াই চৰম সিদ্ধান্ত লৈ হাতত লিখি থৈ যায় ছুইছদ নোট ।লিখে….
“সকলো ওচৰত মই ক্ষমা বিচাৰিছো
মই আৰু জীয়াই থাকিব নোৱাৰিলো..
মোৰ মৃত্যু এক মাত্ৰ কাৰণ মোক কৰা বেয়া ব্যৱহাৰ আৰু মোৰ গাঁত মৰা ডাগ চিন আৰু এইয়া কৰিছে অভিজিত বৰায়ে
সপোন দেখিছিল একেলগে থকাৰ, একলগে জীৱন জীয়াৰ। কিন্তু সেয়া হৈ নুঠিল। স্বামীৰ মানসিক, শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি নিজকে শেষ কৰি দিলে মৰম লগা ছোৱালীয়ে।
ইতিমধ্যে জিম্পীৰ পৰিয়ালৰ লোকে অভিজিত বৰাৰ ওপৰত দেৰগাঁও থানাত এটা গোচৰ ৰুজু কৰিজে লগতে স্বামী অভিজিত বৰাৰ লগত জড়িত পৰিয়ালৰ লোকক কঠোৰতম শাস্তি বিচাৰিছে পিতৃ -মাতৃয়ে।
বৰ্তমান অভিযুক্ত স্বামী অভিজিত বৰাক আৰক্ষীয়ে কৰায়ত্ত কৰিছে।
লগতে পঢ়ক :Maha Kumbh 2025: প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু