Sensational incident: দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ
কাছাৰ,১৮জানুৱাৰী : পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ। সংকটজনক অৱস্থাত চিকিৎসাধীন পত্নী।
কাছাৰ জিলাৰ সোণাই চহৰ এলেকাৰ এক নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।
ঘটনাৰ অনুসৰি সোণাই চহৰৰ ১নং ৱাৰ্ডৰ বাসিন্দা স্বৰ্গীয়া হোছেইন ৰাজা লস্কৰৰ তৃতীয় পুত্ৰ ফাৰিজ উদ্দিন লস্কৰে তেওঁৰ পত্নী মনোৱাৰা বেগমক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।স্বামীৰ আক্ৰমণ কৰে। স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মনোৱাৰা বেগম(Sensational incident)।
ঘটনা সন্দৰ্ভত চুবুৰীয়াই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত খবৰ পাই সোণাই থানাৰ অ’চি বিশ্বজিৎ নাথে এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ মনোৱাৰা বেগমক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে হত্যাকাৰী স্বামী ফৰিজ উদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰে । লগতে ঘটনাস্থলীৰ পৰা এটা চোকা অস্ত্ৰ উদ্ধাৰ কৰে।
ইফালে স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে হত্যাকাৰী ফাৰিজ উদ্দিন লস্কৰে দীৰ্ঘদিন ধৰি পত্নী আৰু তিনিটা সন্তানৰ সৈতে সুকীয়া ঘৰত বাস কৰি আহিছে। একেখন গাঁৱৰ পুৰণি ঘৰত থকা তিনিজন ভাতৃকে ধৰি পৰিয়ালৰ আন কোনো সদস্যৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। জানিব পৰা মতে ফাৰিজ উদ্দিন মগজুৰ ৰোগত আক্ৰান্ত। তেওঁ সদায় চোকা ব্লেড লৈ ঘূৰি ফুৰিছিল।
লগতে পঢ়ক :Drugs peddler arrested along with drugs:ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা