Sensational incident: লোমহৰ্ষক, বিভৎস, পাশৱিক;প্ৰেমিকাক অপকৰ্ম কৰি প্ৰাণ ল’লে প্ৰেমিকে

ডিব্ৰুগড়,১৬জানুৱাৰী : ৰাজ্যত পুনৰ সংঘটিত হৈছে লোমহৰ্ষক, বিভৎস, পাশৱিক ঘটনা। প্ৰেমিকাক অপকৰ্ম কৰি প্ৰাণ ল’লে প্ৰেমিকে।উলংগ অৱস্থাত চেঁচা নৈত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ।
ডিব্ৰুগড়ত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো(Sensational incident)।
৯ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল চভা মাঝি নামৰ যুৱতীগৰাকী আৰু ১৩ জানুৱাৰীত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ।উলংগ অৱস্থাত চেঁচা নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰিছিল যুৱতীগৰাকীক মৃতদেহ। যুৱতী গৰাকীৰ সৰ্বশৰীৰত স্পষ্ট আছিল আঘাতৰ চিন।
বৰুণ মূড়া নামৰ যুৱকজনৰ বিৰুদ্ধে এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।এতিয়াও পলাতক ঘাতক বৰুণ মূড়া। জানিব পৰা অনুসৰি যুৱতীগৰাকী আৰু ঘাতক বৰুণ মূড়া আছিল প্ৰেম সম্পৰ্ক। ঘটনা উচিত তদন্ত বিচাৰি লাহোৱাল থানা ঘেৰাও কৰে স্থানীয় লোকে।
লগতে পঢ়ক :Theft in Jamugurihat: দিন দুপৰতে চুৰে দোকানত চলালে লুটপাট