WATCH | Sensational incident : পোহৰলৈ আহিল চাৰিদুৱাৰৰ কলাপাহাৰ গাঁৱত যুৱতীৰ আত্মহত্যাৰ চাঞ্চল্যকৰ তথ্য
জামুগুৰিহাট,২০মাৰ্চ : পোহৰলৈ আহিল চাৰিদুৱাৰৰ কলাপাহাৰ গাঁৱত যুৱতীৰ আত্মহত্যাৰ চাঞ্চল্যকৰ তথ্য। প্ৰেমজনিত কাৰণত মেধাৱী ছাত্ৰী ৰবিনা নেৱাৰে চৰম সিদ্ধান্ত গ্ৰহনৰ অভিযোগ পৰিয়ালৰ ।
উল্লেখ্য যে, চাৰিদুৱাৰৰ ভবোলা – কালাপাহাৰ গাঁৱৰ ৰবিনা নেৱাৰে নিজৰ শোৱনি কোঠাত চিপ লৈ আত্মহত্যা কৰে(Sensational incident)।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি আন দিনাৰ দৰে সেইদিনা নিশাও ৰবিনা নেৱাৰ প্ৰেমিক ৰাহুল নেৱাৰ দুয়োৱে মোবাইল ফোনত কথা বতৰা পাতিছিল আৰু তেতিয়াই দুয়োৰে মাজত হোৱা বাদ বিবাদ হৈছিল ।
পুৱাই ৰবিনাৰ নিথৰ দেহ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে আৰু লগে লগে ওচৰ চুবুৰীয়াক খবৰ দিয়ে।
প্ৰায় ২২ বছৰীয়া ৰবিনা এগৰাকী মেধা সম্পন্ন যুৱতী আছিল। ইতিমধ্যে নাৰ্ছিং শিক্ষা সম্পূৰ্ণ কৰাৰ লগতে বিমান সেৱাত কাম কৰাৰো প্ৰবল ইচ্ছা থকা ৰবিনাই এয়াৰ হুষ্টেছৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি বিগত ৩ মাহ মান ধৰি ঘৰতে বহি আছিল। ৰবিনাৰ কাম কৰাৰ প্ৰবল ইচ্ছা থকা স্বত্তেও একমাত্ৰ প্ৰেমিক ৰাহুলৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল বুলি আত্মীয়ই অভিযোগ তোলে। এই ঘটনাৰ এক উচিত তদন্তৰ দাবী তুলি প্ৰেমিক জামুগুৰিহাটৰ ২নং বটমাৰী গাঁৱৰ ধনবাহাদুৰ নেৱাৰৰ পুত্ৰ ৰাহুল নেৱাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোক সকলে।
লগতে পঢ়ক :WATCH | Mushalpur News : অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ