চাঞ্চল্য! পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ
নিউজ ডেস্ক, ২০ এপ্ৰিলঃ নলবাৰীত পুত্ৰই হত্যা কৰিলে পিতৃক। নলবাৰীত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি হোৱা হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণ মতে, পূৱ নলবাৰীৰ অন্তৰ্গত দিহজাৰী গাঁৱৰ নিবাসী লক্ষ্যশ্বৰ বৈশ্যৰ ঘৰুৱা বিবাদক সূত্ৰপাত কৰি মঙ্গলবাৰে নিশা ডাঙৰ পুত্ৰ জয়ন্ত বৈশ্যই চোকা অস্ত্ৰৰে পিতৃ আৰু ভ্ৰাতৃ বাপুকণ বৈশ্যক আঘাট কৰে।
আঘাটপ্ৰাপ্ত দুয়োগৰাকীকে ততাতৈয়াকৈ উত্তৰ গুৱাহাটী নাৰায়ণ হস্পিটাললৈ নিয়া হৈ যদিও ৬০ৰ ঊৰ্ধৰ পিতৃ লক্ষেশ্বৰ বৈশ্যৰ মৃত্যু হয়।
আনহাতে সৈন্য বাহিনীত কৰ্মৰত ভ্ৰাতৃ বাপুকণ বৈশ্যই মৃত্যুৰ লগত যুঁজ দি হাস্পটালত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে, নিচাসক্ত পুত্ৰ জয়ন্ত বৈশ্যই ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি পিতৃ আৰু ভ্ৰাতৃক আঘাট কৰে। ইয়াৰপিছতেই নিজে বিষপান কৰি আত্মহত্যাৰ অপচেষ্টা চলাই আৰু নিশা ঘৰৰ পৰা ওলাই আহে।
পুৱা পাগলাদিয়া নদীৰ ঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। ইয়াৰপিছতেই আৰক্ষীৰ উপস্থিতিত শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে সঠিক ঘটনা পোহৰলৈ আহিব।