Local, Vocal, Global

Senior railway officer from Maligaon goes missing at Parsuram Kund:লোহিত নদীত সন্ধানহীন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া সুবেন্দু চৌধুৰী

নিউজ ডেস্ক,২৫নৱেম্বৰ: অৰুণাচলত সন্ধানহীন মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়া সুবেন্দু চৌধুৰী। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া সুবেন্দু চৌধুৰী।

অৰুণাচল প্ৰদেশত এক অঘটনৰ সন্মুখীন হৈ সন্ধানহীন বিষয়াগৰাকী। লোহিত নদীৰ তীব্ৰ প্ৰৱাহত উটি যায় বিষয়াগৰাকী। ধৰ্মীয় ভ্ৰমণসূচীৰে পৰিয়ালৰ সৈতে পৰশুৰাম কুণ্ডলৈ গৈছিল বিষয়াগৰাকী। সুবেন্দু চৌধুৰীক উদ্ধাৰৰ বাবে SDRF-আৰক্ষী, সেনাৰ দ্বাৰা অভিযান(Senior railway officer from Maligaon goes missing at Parsuram Kund)।

অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত অঘটন । উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰী সন্ধানহীন ৷দেওবাৰে পৰশুৰাম কুণ্ডত সন্ধানহীন হয় সুবেন্দু চৌধুৰী।

ঘটনাৰ বিৱৰণি অনুসৰি এন এফ ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীয়ে বিভাগীয় কাৰ্যসূচী হাতত লৈ ২২ নৱেম্বৰত পত্নীসহ তিনিচুকীয়ালৈ আহিছিল ৷ তেওঁ শুকুৰবাৰৰ নিশা আন বিষয়াবৰ্গৰ সৈতে তিনিচুকীয়াত ৰে’লৱে দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰিছিল( Top NFR Railway Officer Drowns in Parshuram Kund During Holy Dip)।

ৰে’লৱে সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰৰ নিশা দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰি শনিবাৰে পুৱা পাছিঘাটলৈ বুলি ৰাওনা হয় সুৰক্ষা বিষয়াগৰাকীয়ে। দেওবাৰে ডাম্বুক হৈ পত্নীসহ পৰশুৰাম কুণ্ডলৈ গৈ তাতে লোহিত নদীৰ পানীত পৰি সন্ধানহীন হয় । এই সমগ্ৰ ঘটনাটো তেওঁৰ পত্নীৰ সন্মুখতে সংঘটিত হয় ।

ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে ততাতৈয়াকৈ ঘটনাস্থলীত অৰুণাচল আৰক্ষী, ৰে’ল আৰক্ষী, এন ডি আৰ এফৰ এটা বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

লগতে পঢ়ক:Lumding News: নখুটিত বন্দুকসহ আটক দুজন ব্যক্তিক