Senior Journalist Ratul Deka passes away : মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু
নিউজ ডেস্ক,২৮আগষ্ট : মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু ।মঙলবাৰে নিশা পথ দুৰ্ঘটনাত মৃত্যু হয় সাংবাদিকগৰাকীৰ। মৰিগাঁও চহৰৰ সমীপবৰ্তী টেঙাগুড়িত মহলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Senior Journalist Ratul Deka passes away)।
মটৰ চাইকেলৰ সৈতে পৰি থকা অৱস্থাত টেঙাগুড়িৰ পথত কেইজনমান স্থানীয় যুৱকে প্ৰত্যক্ষ কৰে ৰাতুল ডেকাক আৰু তাততৈয়াকৈ ১০৮ এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ৰাতুল ডেকাক মৃত বুলি ঘোষণা কৰে ।
জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা পূৰ্বে কেইবাটাও চেটেলাই চেনেল, বাতৰি কাকতত কৰ্মৰত হৈ আছিল আৰু বৰ্তমাম ETV Bhart ত কৰ্মৰত আছিল। প্ৰত্যেকটো মুহূৰ্ততে মুখত হাঁহি থকা ৰাতুল ডেকাৰ মৃত্যুৱে সমগ্ৰ মৰিগাঁৱতে শোকৰ ছাঁ পেলাইছে।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এজন নিষ্ঠাবান কাৰ্মী তথা মৰিগাওঁ জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল ডেকা মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবে দুখ প্ৰকাশ কৰিছে(Senior Journalist Ratul Deka passes away) ৷
লগতে পঢ়ক : 10 tea gardens in the state to be sold soon : শীঘ্ৰে বিক্ৰী হ’ব ৰাজ্যৰ ১০ খন চাহ বাগিচা!